অসম আমাৰ ৰূপহী

- An Article by Chitramoni Das


অসম সংগীত জগতৰ পাতবোৰ লুটিয়াই চালে দেখা যায় কিছুমান অসাধাৰণ গুণ থকা শিল্পী। তাৰ মাজতেই ডঃ ভূপেন হাজৰিকা অন্যতম। তেখেত কেৱল শিল্পীয়েই নহয় তেখেত হৈছে অসমৰ এক মহানায়ক। যিয়ে এটাৰ পাছত আন এটি অৱদান আগবঢ়াই গৈছে। তেখেতৰ জীৱনজোঁৰা সাধনাৰে প্ৰকাশ পায় অসমৰ প্ৰতি থকা তেখেতৰ অবাক মৰম। পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ সন্তান হৈছে ভূপেন দা।

প্ৰায় ৪ বছৰ বয়সৰ পৰা তেওঁ গীত গাইছিল আৰু তেখেতৰ গীত শুনি সকলোৱে মুগ্ধ হৈছিল। আনকি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই তেখেতৰ গীত শুনি গালত চুমা যাচিছিল। এয়া আছিল কেৱল আৰম্ভণিহে। ইয়াৰ আঁৰত আছিল ভূপেন দাৰ এক বৰ্ণময় যাত্ৰা। ১৯৩৯ চনত ভূপেন দাই শ্ৰদ্ধাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ইন্দ্ৰমালতি’ বোলছবিত শিশু শিল্পী হিচাপে কণ্ঠদান কৰিছিল।

সময়ৰ সোঁতত ভূপেন দাৰ জীৱনলৈ আহিল অভূত পৰিৱৰ্তন। ‘সতী বেউলা’ত তেখেতে পোনপ্ৰথমবাৰৰ বাবে সংগীত পৰিচালনা কৰিছিল। ‘চিৰাজ’ বোলছবিত তেখেতে বিষ্ণুৰাভাৰ সৈতে লগ হৈ সংগীত পৰিচালনা কৰিছিল। ইয়াৰ পিছত তেখেতে বহুতো বোলছবিত স্বাধীনভাৱে পৰিচালনা কৰিবলৈ লয়। ‘এৰা বাটৰ সুৰ’ আছিল তেখেতৰ প্ৰথম পৰিচালনা কৰা বোলছবি।

ভূপেন হাজৰিকা আছিল মানুহৰ শিল্পী। তেখেতে সমগ্ৰ মানৱ জাতিক উদ্দেশ্য কৰি গীত লিখিছিল। ‘মানুহে মানুহৰ বাবে’, ‘মই আৰু মোৰ ছাঁ’, ‘সাগৰ সংগমত’ আদিৰ দৰে গীত ৰচি তেওঁ সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিছিল। ১৯৯২ চনত তেখেতে দাদা চাহেব ফাল্কে বঁটা লাভ কৰে। ‘সুধাকণ্ঠ’ হিচাবে তেখেতক উপাধি প্ৰদান কৰা হৈছে। এজন অসমীয়াৰ প্ৰকৃত পৰিচয় হৈছে তেখেতৰ নিজ ভূমিৰ প্ৰতি থকা মৰম। ভূপেন দাই সাত সাগৰ তেৰ নদী ভ্ৰমণ কৰিও অসমখনিক পাহৰা নাছিল। এজন সন্তানৰ নিজ মাতৃৰ প্ৰতি থকা যি দায়বদ্ধতা আছিল সেইখিনি ভূপেনদাই আখৰে আখৰে পালন কৰি গৈছিল। এয়াই তেখেতক মহান কৰিলে। এওঁৱেই হৈছে আমাৰ মৰমৰ ভূপেন দা।

chitra.jpg


Like it? Share with your friends!

1
1 share, 1 point

What's Your Reaction?

Aww Aww
0
Aww
Tamam Dise Tamam Dise
0
Tamam Dise
Morom Lagise Morom Lagise
0
Morom Lagise
Borhia Borhia
3
Borhia
Ki Beh Eibur? Ki Beh Eibur?
0
Ki Beh Eibur?

Comments 1

Your email address will not be published. Required fields are marked *

অসম আমাৰ ৰূপহী

log in

Captcha!

reset password

Back to
log in
Choose A Format
Personality quiz
Series of questions that intends to reveal something about the personality
Poll
Voting to make decisions or determine opinions
Story
Formatted Text with Embeds and Visuals
List
The Classic Internet Listicles
Meme
Upload your own images to make custom memes
Video
Youtube, Vimeo or Vine Embeds
Audio
Soundcloud or Mixcloud Embeds