*** দেউতা ***
ঘৰতো খালি খালি লাগিছে
এতিয়া যেন আমাৰ সংসাৰখনো
আধৰুৱা হৈ পৰিছে ।।
অ দেউতা , সচাই ও
তুমিহীন আমাৰ সংসাৰখন
সচাই আধৰুৱা ও ।।
লৰালিত ভেমযুৰি কান্দোতে
তুমি চকলেট আনি দিয়া মুহুৰ্ততোৱে
আজি বৰকৈ আমনি কৰিছে ও
সংসাৰখন বৰ উৰুঙা উৰুঙা লাগে
তুমি আমাক এৰি বহু দুৰলৈ গ’লা যে
দুৰৈৰ সেই আকাশৰ তৰা হৈ
চাই আছা চাগে আমালৈ ?!
সপোনত কেতিয়াবা এনে লাগে যেন
তুমি আমাৰ কাষতে আছা ,
কিন্তু বাস্তৱৰ তুমিহীনতাৰ মাজত
যেতিয়া নিজকে পাও , মায়ে বুজিব নোৱাৰাকৈ
সেই দোভাগ নিশা উচুপি থাকো
তুমি দেখা পোৱা চাগে ন ??!!
সৰুতে শুনিছিলো ,
ভগৱান হেনো আকাশত থাকে ।
এতিয়া তুমি লগ পালে সুধিবা চোন তেওক
কিয় তোমাক আমাৰ মাজৰ পৰা
আতৰাই নিলেগৈ ??!!!!
তেৱেই আমাৰ সংসাৰখন
আধৰুৱা কৰি দিলে ।
তেৱেই জপাই দিলে
আমাৰ সুখী সংসাৰখনত
এটি দুখৰ বোজা , এটি অন্ধকাৰ নিশা ।।
দেউতা , তুমিহীন আমাৰ সংসাৰখন
সচাই বৰ আধৰুৱা ও
আধৰুৱা ময়ো ,
তোমাৰ নামৰ ৰঙা সেন্দুৰ লোৱা
মাৰ সেওতাও আজি আধৰুৱা ।।
তুমি দেখা পাই আছা নে দেউতা ??
তুমিহীন ভাবে চলিব লোৱা
আমাৰ সংসাৰখন ?? ই আধৰুৱা
চিৰকাললৈ ।।
গোকুল লহকৰ
৯৪০১০১৭৭১৮
Comments 0